Previous
Download for
Laptop |
Tablet |
SmartPhone |
BasicPhone
This app works offline; all videos are included within the app.
মহিলাসকলে শপত গ্ৰহণ কৰক যে তেওঁলোকে যেতিয়া ঘৰত বোৱাৰীক পাব তেতিয়া তেওঁলোকে যেন বোৱাৰীৰ সুবিধা অনুসৰি শৰীৰৰ যতন লয়, তেওঁক যেন পৰ্যাপ্ত পৰিমাণৰ পৰিপুষ্টি থকা খাদ্য যেনে সেউজীয়া শাক-পাচলি, মাহজাতীয় শস্য, কণী, গাখীৰ আৰু ফল-মূল আদি প্ৰদান কৰে৷ তেওঁলোকে যেন বোৱাৰীসকলক আয়’ডিনযুক্ত নিমখেৰে প্ৰস্তুত কৰা খাদ্য প্ৰদান কৰে আৰু প্ৰয়োজন সাপেক্ষে নিয়মিতভাৱে তেওঁলোকক আয়ৰণ ফ’লিক এছিড টেবলেট প্ৰদান কৰিব৷
ডেকা লোকসকলে শপত গ্ৰহণ কৰক যে তেওঁলোকে যেন তেওঁলোকৰ পত্নীসকলক গৰ্ভৱতী হৈ থকা অৱস্থাত শৰীৰৰ যথেষ্ট যতন লয়৷ তেওঁলোকে যেন এইটো সুনিশ্চিত কৰে যে তেওঁলোকৰ পত্নীয়ে যেন সময়মতে খাদ্য গ্ৰহণ কৰে আৰু পৰ্যাপ্ত পৰিমাণে জিৰণি লয়৷ সাতমাহৰ পৰা তেওঁলোকে এইটো নিশ্চিত কৰিব যে তেওঁলোকৰ শিশুটিয়ে যেন মাতৃদুগ্ধৰ লগতে ঘৰত প্ৰস্তুত কৰা পুষ্টিকৰ আহাৰ গ্ৰহণ কৰে৷
মহিলাসকলে শপত গ্ৰহণ কৰক যে তেওঁলোকৰ নৱজাতক শিশুটিক যেন তেওঁলোকে মাতৃদুগ্ধ (ক’ল’ষ্ট্ৰাম) প্ৰদান কৰে আৰু জন্মৰ পিছৰ প্ৰথম ছমাহলৈ কেৱল মাতৃদুগ্ধহে যেন প্ৰদান কৰে৷ তেওঁলোকৰ শিশুটি যেতিয়া সপ্তম মাহত প্ৰৱেশ কৰিব তেতিয়া তেওঁলোকৰ মাতৃদুগ্ধৰ লগতে পুষ্টিকৰ তথা ঘৰতে প্ৰস্তুত কৰা উপযোগী খাদ্য প্ৰদান কৰিব৷
১৮ বছৰৰ তলৰ ছোৱালী এগৰাকী মাক হিচাপে শাৰীৰিক বা মানসিক হিচাপে দায়িত্ব গ্ৰহণৰ বাবে সাজু হৈ নুঠে৷ তেনে ক্ষেত্ৰত, তেওঁৰ সন্তানটোৱে পুষ্টিহীনতাত ভূগাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ সেইবাবেই অতিকমেও ১৮ বছৰ বয়স নোহোৱা পৰ্যন্ত আপোনাৰ কন্যাক বিয়া দিয়াৰ কতা নাভাবিব৷
অভিভাৱকসকলে শপত গ্ৰহণ কৰক যে তেওঁলোকে যেন তেওঁলোকৰ কন্যাক অতি কমেও ১৮ বছৰ নোহোৱা পৰ্যন্ত বিয়া নিদিয়ে৷ ইয়াৰ যোগেদি তেওঁলোকে তেওঁলোকৰ কন্যাৰ ভৱিষ্যতে আহিবলগীয়া সন্তানটিৰো ভৱিষ্যতটো সুৰক্ষিত কৰিব পাৰিব৷
ডেকা লোকসকলে আন এটা শপত লওঁক যে তেওঁলোকে যেন ১৮ বছৰৰ তলৰ ছোৱালী কেতিয়াও বিয়া নকৰায় যাতে তেওঁলোকৰ ভৱিষ্যতৰ সন্তানটি পুষ্টিহীনতাত ভুগিবলগীয়া নহয়৷
চৰপঞ্চ (গাওঁৰ মুখ্য মহিলা) গৰাকীয়ে এইটো শপত গ্ৰহণ কৰক যে তেওঁ যেন তেওঁৰ গাওঁৰ ছোৱালীসকলৰ ১৮ বছৰতকৈ কম বয়সতে বিয়া দিয়াৰ ব্যৱস্থাটো বন্ধ কৰি দিয়ে, যাতে ইয়াৰ দ্বাৰা তেওঁৰ গাওঁৰ ভৱিষ্যতৰ শিশুসকলৰ সুস্বাস্থ্য অক্ষুণ্ণ ৰাখিব পাৰে আৰু তেওঁলোকক পুষ্টিহীনতাৰ পৰা ৰক্ষা কৰিব পাৰে৷
এই ভিডিঅ’টোৰ উদ্দেশ্য হৈছে পুষ্টিহীনতাৰ লক্ষণ আৰু সাম্ভাৱ্য কাৰণসমূহ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু সমগ্ৰ সমাজকে এই সংক্ৰান্তত ব্যৱস্থা হাতত লোৱাৰ বাবে উদ্বুদ্ধ কৰাৰ উপৰিও পুষ্টিহীনতা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাধাৰণ দিশসমূহ বিস্তৃত বৰ্ণনা কৰা৷
এই পুষ্টিকা সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থত আগবঢ়োৱা হৈছে৷
প্ৰস্তুত - ইউনিচেফ আৰু অন্যান্য উন্নয়ণ সহযোগীৰ পৰা সক্ৰিয় সমৰ্থনেৰে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালচয়, ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত৷