Next
Download for
Laptop |
Tablet |
SmartPhone |
BasicPhone
This app works offline; all videos are included within the app.
যিসকল শিশু সদায়েই অসুস্থ হৈ থাকে, অলপতে দুৰ্বল হৈ পৰে আৰু বোধ ক্ষমতা কম হ বা পলমকৈ বুজি পায় সেইসকল শিশু পুষ্টিহীনতাত ভুগিব পাৰে৷
এগৰাকী শিশুৰ গৰ্ভাৱস্থাৰ পৰা দুবছৰ বয়সলৈ পুষ্টিহীনতাত ভুগিব পৰা সম্ভাৱনীয়তা সৰ্বাধিক হয়৷ এইটো হৈছে সামগ্ৰিক দীৰ্ঘকালীন বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়৷ পুষ্টীহীনতা সাধাৰণতে জন্মৰ পূৰ্বেই আৰম্ভ হয়, আৰু এই প্ৰক্ৰিয়া বয়সন্ধি কালছোৱা আৰু প্ৰাপ্তবয়স্ক অৱস্থালৈ অব্যাহত থাকে আৰু ই প্ৰজন্মে প্ৰজন্মে অব্যাহত থাকে৷ ই সততে অপৰিৱৰ্তনীয় হয়৷ অপৰিৱৰ্তনীয় সামগ্ৰিক বিকাশ আৰু উন্নয়ণৰ অভাৱ, য’ত মাতৃগোত্ৰৰ স্বাস্থ্য, শিশুৰ স্বাস্থ্য আৰু জীৱন নিৰ্বাহ আদিৰ ক্ষেত্ৰত পুষ্টিহীনতা প্ৰতিৰোধ কৰাটো সমগ্ৰ জীৱনকালতেই যথাসম্ভৱ ততালিকে কৰাটো অতিকৈ জৰুৰী৷
যিদৰে এডাল মপৰা গছ ফলে-ফুলে জাতিস্কাৰ গছত পৰিণত হ’ব নোৱাৰে আৰু সঠিক যতন আৰু প্ৰতিপালন যেনে মাটি, পানী, সতেজ বতাহ আৰু পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ অবিহনে স্বাভাৱিকভাৱে বিকশিত হ’ব নোৱাৰে ঠিক তেনেদৰেই এটি শিশুৱেও সঠিক যতন আৰু পৰিপুষ্টি অবিহনে এটা সুস্থ জীৱন লাভ কৰিব নোৱাৰে৷
যিদৰে এটা মাটিৰ বাচন এবাৰ বেয়াকৈ গঢ় লোৱাৰ পিছত ইয়াক পুনৰ সঠিক ৰূপ জিব নোৱাৰি ঠিক তেনেদৰেই এগৰাকী শিশুৰ ক্ষেত্ৰতো ইয়াৰ প্ৰাৰম্ভিক বয়সতে যদি পুষ্টিহীনতাত ভূগে বা পৰিপুষ্টি লাভ নকৰে তেন্তে তাৰ সমগ্ৰ জীৱনটোত তাৰ ক্ষতি অপূৰণীয় হৈ ৰয়৷
এই ভিডিঅ’টোৰ উদ্দেশ্য হৈছে পুষ্টিহীনতাৰ লক্ষণ আৰু সাম্ভাৱ্য কাৰণসমূহ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু সমগ্ৰ সমাজকে এই সংক্ৰান্তত ব্যৱস্থা হাতত লোৱাৰ বাবে উদ্বুদ্ধ কৰাৰ উপৰিও পুষ্টিহীনতা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাধাৰণ দিশসমূহ বিস্তৃত বৰ্ণনা কৰা৷
এই পুষ্টিকা সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থত আগবঢ়োৱা হৈছে৷
প্ৰস্তুত - ইউনিচেফ আৰু অন্যান্য উন্নয়ণ সহযোগীৰ পৰা সক্ৰিয় সমৰ্থনেৰে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালচয়, ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত৷