Previous Next
Download for
Laptop |
Tablet |
SmartPhone |
BasicPhone
This app works offline; all videos are included within the app.
জন্মৰ এঘণ্টাৰ ভিতৰতে মাতৃৰ বুকুৰ প্ৰথম গোটা গাখীৰখিনি (ক’ল’ষ্ট্ৰাম) শিশুক খুৱাব লাগে৷ ই অত্যন্ত আৱশ্যকীয়৷ মাতৃৰ স্তনৰ প্ৰথম গাখীৰখিনি শ্ৰেষ্ঠতম খাদ্য, কেতিয়াও ইয়াক অনিষ্ট নকৰিব আৰু শিশুটিয়ে যাতে এইখিনি গ্ৰহণ কৰিব পাৰে সেয়া সুনিশ্চিত কৰক৷
ক’ল’ষ্ট্ৰাম শিশুৰ শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয় কাৰণ ই শিশুটিয়ে পৰৱৰ্তী দিনকেইটাত গ্ৰহণ কৰিবলগীয়া পুষ্ট গাখীৰখিনি শিশুটিৰ পাচন প্ৰণালীটো সাজু কৰি তোলে৷ ক’ল’ষ্ট্ৰামত জিংক, কেলচিয়াম আৰু বিভিন্ন ধৰণৰ ভিটামিন পৰ্যাপ্ত পৰিমাণত থাকে৷
জন্মৰ পিছৰ প্ৰথম ছমাহত এটি শিশুক কেৱল মাতৃদুগ্ধৰ বাহিৰে অইন একো খুৱাব নালাগে, আনকি পানীও খুৱাব নালাগে৷ ৬ মাহলৈ কেৱল মাতৃদুগ্ধ খুওৱাৰ ফলত শিশুৰ স্বাভাৱিক কিছুমান অসুস্থতা যেনে ডায়েৰিয়া বা নিমুনিয়া আদিৰ পৰা সুৰক্ষা প্ৰদান কৰি কেঁচুৱা মৃত্যুমুখত পৰাৰ সম্ভাৱনা যথেষ্টখিনি হ্ৰাস কৰে আৰু অসুস্থতাৰ সময়ছোৱাতো আৰোগ্য লাভৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে৷
সাতমাহৰ পৰা মাতৃদুগ্ধই কেঁচুৱাটিৰ প্ৰয়োজনীয়তা লাহে লাহে পূৰণ কৰিব নোৱাৰা হৈ পৰে৷ এইক্ষেত্ৰত ভাৰসাম্য বজাই ৰাকি মাতৃদুগ্ধৰ লগতে পুষ্টিকৰ আহাৰ খুৱাব লাগে৷ সময়মতে, পৰ্যাপ্ত পৰিমাণে, সঘনাই আৰু সঠিক পৰিপূৰক খাদ্য প্ৰদান কৰিবলৈ আৰম্ভ কৰিব লাগে৷ ছমাহৰ পিছত আপোনাৰ শিশুটিক অতিকমেও দৈনিক ৩-৪ বাৰকৈ খাদ্য প্ৰদান কৰিব লাগে৷ অৱশ্যে তাৰ লগে লগে মাতৃদুগ্ধ প্ৰদান কৰিবলৈ নাপাহৰিব৷
এই ভিডিঅ’টোৰ উদ্দেশ্য হৈছে পুষ্টিহীনতাৰ লক্ষণ আৰু সাম্ভাৱ্য কাৰণসমূহ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু সমগ্ৰ সমাজকে এই সংক্ৰান্তত ব্যৱস্থা হাতত লোৱাৰ বাবে উদ্বুদ্ধ কৰাৰ উপৰিও পুষ্টিহীনতা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাধাৰণ দিশসমূহ বিস্তৃত বৰ্ণনা কৰা৷
এই পুষ্টিকা সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থত আগবঢ়োৱা হৈছে৷
প্ৰস্তুত - ইউনিচেফ আৰু অন্যান্য উন্নয়ণ সহযোগীৰ পৰা সক্ৰিয় সমৰ্থনেৰে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালচয়, ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত৷